"শিক্ষাৰ সাধাৰণ আৰু উচ্চতম মাপত আমাৰ পাঠশালা - জ্ঞানৰ বৃহৎ সাগৰ, সৃষ্টিৰ সৌন্দৰ্য, আৰু নৈতিক মূল্যাংকনত আমাদেৱা আদৰ্শ আচৰণৰ পৰা চিৰস্থাৰ।

Rules & Regulation

১। বিদ্যালয়ৰ সা-সম্পত্তি ধ্বংস কৰিলে হয় বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হ'ব নাইবা উপযুক্ত ক্ষতিপূৰণ ভৰিব লাগিব।

২। বিদ্যালয়ৰ বেৰ আদিত লিখি বিদ্যালয়ৰ সৌষ্ঠব নষ্ট কৰিলে জৰিমনা (নিম্নতম ৫০.০০) টকা ভৰিব লাগিব।

৩। বিদ্যালয়ত উপস্থিতিৰ হাৰ ৮০ শতাংশৰ তলত হ'লে বার্ষিক পৰীক্ষা দিবলৈ দিয়া নহ'ব; যদিহে অনুপস্থিতিৰ গ্রহণযোগ্য কাৰণ দর্শাব নোৱাৰে।

৪। বিদ্যালয়ত প্রয়োজনীয় পাঠ্যপুথি, বহী আদিৰ বাহিৰে ছাত্ৰ-ছাত্ৰীৰ মাজত শৃংখলা ভংগ কৰিব পৰা ধৰণৰ কোনো সামগ্রী লগত ৰাখিব নোৱাৰিব।

৫। বিদ্যালয় গৃহত প্ৰৱেশ কৰাৰ পাছত বিনা অনুমতিত ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ মূল দ্বাৰৰ বাহিৰলৈ যাব নোৱাৰিব।

৬। গোট পৰীক্ষা বা ছমহীয়া পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাগৃহত কোনো বিষয়ত অসৎ উপায় অৱলম্বন কৰিলে সেই বিষয়ৰ নম্বৰ বাৰ্ষিক মূল্যায়নৰ লগত যোগ কৰা নহ'ব। আনহাতে বার্ষিক পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে পৰীক্ষাগৃহৰ পৰা বহিষ্কাৰ কৰা হ'ব।

৭। স্বাস্থ্য হানিকাৰক কোনো দ্রব্য খোৱা বা সেৱন কৰা প্রমাণিত হ'লে অভিভাৱক মাতি আনি ছাত্ৰ-ছাত্ৰীৰ শাস্তিৰ ব্যৱস্থা কৰা হ'ব।