"শিক্ষাৰ সাধাৰণ আৰু উচ্চতম মাপত আমাৰ পাঠশালা - জ্ঞানৰ বৃহৎ সাগৰ, সৃষ্টিৰ সৌন্দৰ্য, আৰু নৈতিক মূল্যাংকনত আমাদেৱা আদৰ্শ আচৰণৰ পৰা চিৰস্থাৰ।

About Us

About Us

স্ত্রী শিক্ষাৰ প্রসাৰৰ উদ্দেশ্য আগত ৰাখি বৃহত্তৰ ভাস্কৰনগৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলৰ কেইবাগৰাকীও সমাজ সচেতক ব্যক্তিৰ উদ্যোগত যুগ সাপেক্ষ আৰু প্রয়োজনীয় সকলো দিশ পৰিপূৰ্ণ এখনি নাৰী শিক্ষা কেন্দ্র স্থাপনৰ উদ্দেশ্যৰে ১৯৯১ চনৰ ডিচেম্বৰ মাহৰ এটি শুভ দিনত ভাস্কৰ নগৰ প্রাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাতে বৃহত্তৰ ভাস্কৰ নগৰ নিউগুৱাহাটী ৰেলৱে কলনি, হাতীগড় চাৰিআলি আৰু জু-নাৰেঙ্গী আদি অঞ্চলক সামৰি "ওজা হেমচন্দ্র বৰুৱা বিদ্যামন্দিৰ" নামেৰে এখনি ছোৱালী উচ্চ ইংৰাজী বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্রহন কৰা হয় । কিয়নো স্বর্গীয় হেমচন্দ্র বৰুৱাদেৱে হ'ল অসমীয়া ভাষাক নকৈ প্রতিষ্ঠা কৰোঁতা, ভাষাবিদ,শিক্ষাবিদ, সু-লিখক, অসমীয়া ভাষাৰ ব্যাকৰণ, "হেমকোষ" (অসমীয়া অভিধান) প্রণয়ন কৰাৰ উপৰিও এজন নির্ভীক কুসংস্কাৰ বিৰোধী আৰু চোকা সমালোচক হিচাপেও শ্ৰদ্ধাৰ পাত্র। সভাৰ সিদ্ধান্ত মর্মে ভাস্কৰ নগৰ প্রাথমিক বিদ্যালয়ৰ চৌহদত টিন পাতৰ চালি সাজি ১৯৯২ চনৰ শিক্ষা বৰ্ষৰ পৰা 'ওজা হেমচন্দ্র বৰুৱা বিদ্যামন্দিৰৰ' পাঠদান আৰম্ভ কৰা হয় |

স্বর্গীয় বৰুৱাদেৱৰ আজুনাতি হেমকোষ প্রান মাননীয় শ্ৰীযুত দেৱানন্দ বৰুৱাদেৱে ভাষাৰ ওজা জনৰ নামত বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ লোৱাত সন্তোষ প্ৰকাশ কৰে । ১৯৯২ চনৰ মে মাহৰ ১৭ তাৰিখে তেতিয়াৰ অসমৰ শিক্ষামন্ত্রী মাননীয় শ্রীযুত শৰৎ চন্দ্র বৰকটকী দেৱে বিদ্যামন্দিৰৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰে। হেমকোষ প্রাণ মাননীয় শ্রীযুত দেৱানন্দ বৰুৱাদেৱে ১৯৯৩ চনৰ মে মাহৰ পৰা বিদ্যামন্দিৰৰ স্থায়ী ভৱন নির্মাণ কাৰ্য্যত ব্রতী হৈ অতি কম সময়ৰ ভিতৰত ১৯৯৫ চনত বিদ্যালয়ৰ পশ্চিম দিশৰ ভৱনটোৰ নির্মাণৰ কাম শেষ কৰাত ১৯৯৬ চনৰ পৰা নতুন বিদ্যালয় ভৱনত ছাত্র-ছাত্রীৰ পাঠদান কার্য আৰম্ভ হয় | ৰাইজৰ সহায় সহযোগ আৰু হেমকোষ প্রান মাননীয় শ্রীযুত দেৱানন্দ বৰুৱাদেৱৰ একক প্রচেষ্টাৰ অবিহনে বিদ্যালয়খন গড় দিয়া সম্ভৱ হৈ নুঠিলহেতেন। জয়তু ওজা হেমচন্দ্র বৰুৱা বিদ্যামন্দিৰ।